All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #58
•
November 26, 2026

বিশ্বনাথ জিলাৰ বিহালীৰ পৱিত্ৰ ৰাস মহোৎসৱ উপলক্ষে মুখ্য প্ৰৱেশদ্বাৰৰ শুভ উন্মোচন

📅 November 26, 2026
✍️ AAGSU
🕒 12:06 AM

ৰৌমাৰী, ২২ নৱেম্বৰ, ২০২৬: বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ বুৰৈপৰীয়া সাংস্কৃতিক সমন্বয় মঞ্চৰ উদ্যোগত অহা ২৫ আৰু ২৬ নৱেম্বৰ, ২০২৬ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া পৱিত্ৰ ৰাস মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। এই মহোৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি ২২ নৱেম্বৰ তাৰিখে বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আগবঢ়োৱা নাচবৰৰ মুখ্য প্ৰৱেশদ্বাৰখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়।

উক্ত শুভ উন্মোচনী অনুষ্ঠানত নিজ বিহালী জিলা পৰিষদৰ সন্মানীয় সদস্য শ্ৰী চেতন গৌতম ডাঙৰীয়াই মুখ্য প্ৰৱেশদ্বাৰখনৰ শুভ উন্মোচন কৰে। পৱিত্ৰ ৰাস মহোৎসৱক অধিক আকৰ্ষণীয় আৰু সুশৃংখলভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে বিহালী আঞ্চলিক সমিতিয়ে আগবঢ়োৱা এই পদক্ষেপে আয়োজক সমিতিৰ লগতে স্থানীয় ৰাইজৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰিছে।

অনুষ্ঠানটোত ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি শ্ৰী দুৰ্গেশ্বৰ মুদৈ ডাঙৰীয়াৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। ইয়াৰ উপৰি বিহালী আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী তাৰা ঢুংগানা ডাঙৰীয়া, শ্ৰী প্ৰকাশ আচাৰ্য ডাঙৰীয়া, বিশ্বনাথ জিলা সমিতিৰ সহঃ সম্পাদক শ্ৰী পংকজ ভৰালী ডাঙৰীয়া আৰু সদস্য শ্ৰী কৰণ হুমাগাই ডাঙৰীয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি, সমাজকৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিয়ে শুভ উন্মোচনী অনুষ্ঠানটিক বিশেষ মৰ্যাদা প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাস মহোৎসৱ অসমৰ ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু ভক্তিৰসৰ আধাৰত উদযাপিত এই পৱিত্ৰ উৎসৱে সমাজত ধৰ্মীয় চেতনা, ভাতৃত্ববোধ, সম্প্ৰীতি আৰু সাংস্কৃতিক ঐতিহ্যৰ বাৰ্তা বহন কৰি আহিছে। ৰৌমাৰী গাঁৱৰ বুৰৈপৰীয়া সাংস্কৃতিক সমন্বয় মঞ্চৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই ৰাস মহোৎসৱে অঞ্চলটোৰ সাংস্কৃতিক পৰিৱেশ অধিক সমৃদ্ধ কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

এই পৱিত্ৰ ৰাস মহোৎসৱ সৰ্বাংগসুন্দৰ আৰু সফল কৰি তুলিবলৈ বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ ধৰ্মপ্ৰাণ ৰাইজ, ভক্তপ্ৰাণ ৰাইজ আৰু শুভাকাংক্ষীসকলৰ উপস্থিতি, সহযোগিতা তথা আন্তৰিক সমৰ্থন কামনা কৰা হৈছে। লগতে মহোৎসৱখনৰ সফলতা কামনা কৰি আয়োজক সমিতিলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।

প্ৰতিবেদক : শ্ৰী তাৰা ঢুংগানা– ভাৰপ্ৰাপ্ত সভাপতি, বিহালী আঞ্চলিক সমিতি

📤 Share this story
Scroll to Top