
বিশ্বনাথ, ২৬ নৱেম্বৰ, ২০২৬: বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আয়োজিত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), বিশ্বনাথ জিলা সমিতিয়ে গোৰ্খালী সংস্কৃতিৰ এক বৰ্ণিল আৰু মনোমোহা প্ৰদৰ্শন আগবঢ়ায়। আগছুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত, বিশ্বনাথ সদৰ আঞ্চলিক সমিতি আৰু বিশ্বনাথ মহাবিদ্যালয় গোটৰ সহযোগত এই সাংস্কৃতিক কাৰ্যসূচীত গোৰ্খা জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যক সুন্দৰভাৱে উপস্থাপন কৰা হয়।
সাংস্কৃতিক শোভাযাত্ৰাত গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক, লোকনৃত্য আৰু বিভিন্ন সাংস্কৃতিক উপস্থাপনৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় পৰিচয় তথা বৰ্ণিল সাংস্কৃতিক ঐতিহ্য ৰাইজৰ সন্মুখত তুলি ধৰা হয়। অংশগ্ৰহণকাৰীসকলৰ উৎসাহ, শৃংখলাবদ্ধতা আৰু মনোমোহা সাংস্কৃতিক প্ৰদৰ্শনে শোভাযাত্ৰাটোক অধিক আকৰ্ষণীয় কৰি তোলে। এই প্ৰদৰ্শনে উপস্থিত ৰাইজৰ মাজত গোৰ্খালী সংস্কৃতিৰ প্ৰতি এক বিশেষ আকৰ্ষণ আৰু আগ্ৰহৰ সৃষ্টি কৰে।
উক্ত কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি নবদীপ ছেত্ৰী, সাংগঠনিক সম্পাদক বিকাশ শৰ্মা, বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ সভাপতি পৱন ছেত্ৰী, সাধাৰণ সম্পাদক মৌচুম শৰ্মা, বিশ্বনাথ মহাবিদ্যালয় গোটৰ সভানেত্ৰী নিকিতা দেৱী আৰু সাধাৰণ সম্পাদক নীতুল ছেত্ৰীৰ লগতে জিলা সমিতি, আঞ্চলিক সমিতি আৰু মহাবিদ্যালয় গোটৰ অন্যান্য বিষয়ববীয়া তথা সদস্য-সদস্যাসকল উপস্থিত থাকে।
অসমৰ বৃহত্তৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গোৰ্খা জনগোষ্ঠীয়ে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। এনে সাংস্কৃতিক অনুষ্ঠানসমূহত অংশগ্ৰহণৰ জৰিয়তে নিজৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাবুজি, ভাতৃত্ববোধ, ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰি আহিছে আগছুৱে।
ৰূপালী জয়ন্তী বৰ্ষৰ এই গৌৰৱময় উদযাপনত আমন্ত্ৰণ জনাই গোৰ্খালী সংস্কৃতি প্ৰদৰ্শনৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰাৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিয়ে বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ভৱিষ্যতেও এনে অনুষ্ঠানৰ জৰিয়তে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ ধাৰা অধিক সমৃদ্ধ হ’ব বুলি আশা প্ৰকাশ কৰে।
প্ৰতিবেদক : নবদীপ ছেত্ৰী–সাধাৰণ সম্পাদক, বিশ্বনাথ জিলা সমিতি