
ৰঙাপাৰা, ২৩ নৱেম্বৰ, ২০২৬: কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটি লোৱা ৰঙাপাৰাৰ নাহৰণি গাঁৱৰ বাসিন্দা স্বৰ্গীয় দীপক গুৰুঙ দেৱৰ বাসগৃহত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), ৰঙাপাৰা আঞ্চলিক সমিতিৰ এটি প্ৰতিনিধি দল উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই শোকাকুল মুহূৰ্তত প্ৰতিনিধি দলটোৱে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে এনে এক অপূৰণীয় ক্ষতিত পৰিয়ালটোক মানসিক শক্তি আৰু সাহস প্ৰদান কৰাৰ উদ্দেশ্যে আগন্তুক দিনত পৰিয়ালবৰ্গই যিকোনো অসুবিধা অথবা প্ৰয়োজনৰ সন্মুখীন হ’লে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৰিয়াল সদায় কাষত থাকিব বুলি আশ্বাস প্ৰদান কৰে।
ইয়াৰ উপৰি সংগঠনটোৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আনুষ্ঠানিকভাৱে এখন শোকপত্ৰ প্ৰদান কৰা হয়। এগৰাকী ব্যক্তিৰ অকাল বিয়োগে পৰিয়ালৰ লগতে সমাজখনতো এক গভীৰ শূন্যতাৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি সংগঠনটোৱে এই কঠিন সময়ত পৰিয়ালটোৰ প্ৰতি একাত্মতা প্ৰকাশ কৰে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ৰঙাপাৰাই স্বৰ্গীয় দীপক গুৰুঙ দেৱৰ মৃত্যুত পুনৰবাৰ গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এই অপূৰণীয় ক্ষতি সহ্য কৰিব পৰাকৈ ভগৱানে শক্তি প্ৰদান কৰক বুলি প্ৰাৰ্থনা জনায়।
প্ৰতিবেদক : সুনিপা ৰাণা–সভাপতি, ৰঙাপাৰা আঞ্চলিক সমিতি